Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 17:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”

পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।

তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।

মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।

দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।

তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।

শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।

তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন