তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।