Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 15:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”

তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।

মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।

তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।

কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।

তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন