Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 15:28

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।

এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।

পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”

তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷

এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”

ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন