Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 15:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।

এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।

তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।

তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।

কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।

বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।

যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।

তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷

তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”

মই আপোনালোকৰ দোষ ধৰিবলৈ এই কথা কৈছোঁ, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো আপোনালোক আমাৰ হৃদয়ত আছে বুলি আগেয়ে কৈছিলোঁ।

তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”

এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন