তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে।
ৰজাই ক’লে, “তোমাৰ এই সকলো কথাত যোৱাবৰ জানো হাত নাই?” তাতে সেই মহিলা গৰাকীয়ে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মোৰ প্ৰভু মহাৰাজে কোৱা কথাৰ পৰা সোঁ কি বাওঁফালে ঘূৰিবৰ কাৰো সাধ্য নাই৷ আপোনাৰ দাস যোৱাবেই মোক আদেশ কৰিলে আৰু মই যি কথা ক’লোঁ, এই সকলো কথা আপোনাৰ বেটীক কবলৈ দিলে।
পাছত তকোৱাৰ মহিলা গৰাকীয়ে ৰজাক কোৱা সময়ত, তাই তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰি ক’লে, “হে মহাৰাজ, উপকাৰ কৰক।”
তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।
তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিবীৰ আধাৰশিলা স্হাপন কৰোঁ, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
“মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই” যিহোৱাই কৈছে, “তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।”
তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁৰ মুখেৰেই মই মোৰ কথা ক’ম আৰু মই যি সকলো কবলৈ তেওঁক আজ্ঞা দিম, তেওঁ তাকে ক’ব।