Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 14:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।

অধ্যায়টো চাওক কপি কৰক

31 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।

এতিয়া মই যে এই কথা মোৰ প্ৰভু মহাৰাজৰ আগত ক’বলৈ আহিলোঁ, লোকসকলে মোক ভয় দেখুৱাৰ কাৰণেহে আহিলোঁ৷ তেতিয়া আপোনাৰ বেটীয়ে মনতে ভাবিলো যে, ‘মই মহাৰাজৰ আগত এই কথা জনাম, কিজানি মহাৰাজে নিজৰ বেটীৰ নিবেদন অনুসাৰে কাৰ্য কৰিব।

মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”

যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।

কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।

তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।

তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।

মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;

মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।

বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।

তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?

যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।

আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।

তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা; তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।

কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।

কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।

যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!

প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?

কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,

যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।

আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।

কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।

এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।

তেতিয়া পিতৰে মাত দিলে আৰু কলে, “ইয়াকে মই নিশ্চয়কৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷

কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷

কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।

আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,

আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন