তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”
তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷
তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।