সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷
পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।
কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”