Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 কৰি 3:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।

অধ্যায়টো চাওক কপি কৰক

13 পৰস্পৰ সংযোগসমূহ  

মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।

যি ওৰণিৰে সকলো লোকক ঢকা হৈছে, আৰু যি আবৰণ সকলো জাতি সমূহৰ ওপৰত বিস্তাৰিত আছে, যিহোৱাই এই পৰ্ব্বতত তাক নষ্ট কৰিব।

সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব।

তোমালোকৰ সকলো সন্তান যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমালোকৰ সন্তান সকলৰ শান্তি মহান হ’ব।

তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”

আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।

যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।

কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।

অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে।

যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন