Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 7:36

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।

এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।

তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।

সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷

সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।

এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।

প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।

তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।

তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন