Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 7:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।

সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,

তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।

আৰু চলোমন ৰজাই যিহোৱাৰ গৃহৰ নিমিত্তে সেই যি দুটা স্তম্ভ, এটা সমুদ্ৰ পাত্ৰ, আৰু আধাৰবোৰৰ তলত থকা বাৰটা পিতলৰ বৃষ সজাইছিল, সেই সকলো বস্তুৰ পিতল অপৰিমিত আছিল।

তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।

এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;

আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।

কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, “আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব”, ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন