তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।
খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মুৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰী বোৰ ৰূপেৰে তৈয়াৰী।
এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰী তৈয়াৰ কৰা হৈছিল।
আৰু তাৰ ওপৰত পিতলৰ এটা মাথলা আছিল, সেই মাথলা ওখই পাঁচ হাত; আৰু মাথলাত চাৰিওফালে জালি কটা আৰু ডালিম আছিল; সেই আটাইবোৰ পিতলৰ; দ্বিতীয় স্তম্ভটোও সেই প্ৰকাৰ, আৰু তাৰো ডালিম আছিল।