Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 6:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।

এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।

তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।

চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷

তেওঁ গৃহৰ চতিত, দুৱাৰ-ডলিত, দেৱালত আৰু দুৱাৰত সোণৰ পতা মাৰিলে আৰু দেৱালত কৰূবৰ আকৃতি কাটিলে।

সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুউৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।

বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।”

তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন