Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 5:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা; কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব; তেঁৱেই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ সাজিব।

আপোনালোকে হিষ্কিয়াৰ কথা নুশুনিব। কিয়নো অচূৰৰ ৰজাই এইদৰে কৈছে, ‘আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহঁক; তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুৱাঁৰ পানীও খাব পাৰিব।

মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।

তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।

পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।

তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।

এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।

আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।

তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী, আৰু ডিমৰু গছৰ তলত বহিব। কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব; কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল,

বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।

ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।

পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন