Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 4:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷

অধ্যায়টো চাওক কপি কৰক

4 পৰস্পৰ সংযোগসমূহ  

চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।

তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।

সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।

আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন