Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 22:53

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”

হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷

কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।

“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”

অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”

যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।

যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।

ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে।

এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে। তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।

বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।

তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন