Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 22:41

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া ইস্ৰায়েলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত, আচাৰ পুত্ৰ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।

তেতিয়া সেই তৃতীয় বছৰত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ নামি আহিল।

এইদৰে আহাব নিজ পূৰ্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত, তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।

যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।

চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;

তাৰ পাছত তেওঁৰ পুত্ৰ যিহোচাফটে তেওঁৰ পদত ৰজা হৈ, ইস্ৰায়েলৰ বিৰুদ্ধে সবল হ’বলৈ নিজকে বলৱান কৰিলে।

যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ পঁয়ত্ৰিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন