তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতি সমূহ, এই বিষয়ে সকলোৱে শুনক।”
এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
মইয়ে যিহোৱা যি জনে নিজৰ দাসৰ কথা সিদ্ধ কৰে, আৰু নিজৰ দূতৰ পৰামৰ্শ সিদ্ধ কৰে, যি জনাই যিৰূচালেমৰ বিষয়ে কয়, ‘সেয়ে বসতিৰ ঠাই নহ’ব,’ আৰু যিহূদাৰ নগৰবোৰৰ বিষয়ে কয়, ‘সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ’ব, আৰু তাৰ বিধস্ত হোৱা ঠাইবোৰ পুনৰ স্থাপন কৰিম,
তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই ফৈদৰ বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;
হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;
আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।