Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 21:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“উঠা, চমৰিয়া-নিবাসী ইস্ৰায়েলৰ ৰজা আহাবৰ লগত সাক্ষ্য কৰিবলৈ যোৱা। তেওঁ নাবোতৰ দ্ৰাক্ষাবাৰীত আছে; তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ’ল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।

কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”

যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।

তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।

সেই সময়ত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,

পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন