তাৰ পাছত সেই বৃদ্ধ লোকসকলে ঈজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হ’ল।”
আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
তেতিয়া নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্রকে ঈজেবলে আহাবক ক’লে, “উঠা, যিজ্ৰিয়েলীয়া নাবোতে যি দ্ৰাক্ষাবাৰী তোমাক বিক্রী কৰিবলৈ অসন্মত আছিল, তাক অধিকাৰ কৰাগৈ; কিয়নো নাবোত জীয়াই থকা নাই, তেওঁৰ মৃত্যু হ’ল।
তেতিয়া এজন লোকে আহি যেহূক ক’লে, “তেওঁলোকে ৰজাৰ বংশধৰসকলৰ মূৰবোৰ লৈ আনিছে।” তাতে তেওঁ ক’লে, “সেইবোৰ দুটা দম কৰি নগৰৰ প্রৱেশদ্বাৰৰ পথত ৰাতিপুৱালৈকে ৰাখি থোৱা।”
তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক’লো, ইও অসাৰ।