Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 2:40

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া চিমিয়ীয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখীচৰ ওচৰলৈ গ’ল, আৰু গাতৰ পৰা তেওঁৰ বন্দীবোৰক লৈ আহিল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।

কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,

পাছত চিমিয়ী যিৰূচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে।

ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।

তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”

ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন