তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”
তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
পাছে সেই তকোৱাৰ মহিলাই ৰজাক ক’লে, “হে মোৰ প্ৰভু, মহাৰাজ, মোৰ আৰু মোৰ পিতৃ-বংশৰ ওপৰতেই এই দোষ পৰক৷ মহাৰাজ আৰু নিজ সিংহাসন হ’লে নিৰ্দ্দোষী হওঁক।”
আৰু যিহোৱাই তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰেই ওপৰত থ’ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ূদে নজনাকৈ, তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইস্ৰায়েলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু যিহূদাৰ প্ৰধান সেনাপতি যেথৰৰ পুত্ৰ অমাচাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল।
ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
তেন্তে আপুনি স্বৰ্গত থাকি সেই নিবেদন শুনিব আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিস্পত্তি কৰি, দোষীক দোষী কৰি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মূৰৰ ওপৰত দিব আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিব।
এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।
এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।
প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব।
এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম।
কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।
“উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।