তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, “তুমি ক’ত আছা?”
সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাসঘাতক লোকৰ সমাজ।
তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গ’ল। তেওঁ নগৰখনৰ পূবদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হ’ব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।
(এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;