Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 19:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।

অধ্যায়টো চাওক কপি কৰক

31 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,

আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।

তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।

হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।

তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।

এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।

তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।

যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”

মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।

তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।

যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;

যিহোৱাই নিজৰ জলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে, আৰু শিলাবৃষ্টিৰে, তেওঁ নিজৰ মহিমান্বিত স্বৰ শুনাব, আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব।

তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।

পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।

যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।

তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।

তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”

জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ উঠিব, ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ’ব৷

চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।

তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম।

পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।

তেতিয়া বিজুলী, গুমগুমনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷

তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।

তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন