Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 19:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।

তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।

কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।

পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।

তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন