Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 17:19

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া এলিয়াই তাইক ক’লে, “তোমাৰ ল’ৰাটিক মোক দিয়া।” পাছত তাইৰ কোলাৰ পৰা তেওঁ ল’ৰাজনক ল’লে, আৰু নিজে থকা ওপৰ কোঠালিলৈ তাক লৈ গ’ল; তাতে তেওঁ নিজৰ শয্যাত সেই ল’ৰাজনক শুৱাই হ’ল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”

তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই যি বিধৱাৰ ঘৰত প্ৰৱাস কৰি আছোঁ, আপুনি জনো তাইৰ ল’ৰাটিক মাৰি পেলাই তাইলৈয়ো অমঙ্গল ঘটাইছে নে?”

আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”

তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।

পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।

সেই সময়ত তেওঁ নৰিয়াত পৰি মৃত্যু হোৱাত, লোক সকলে তেওঁক ধুৱাই ওপৰৰ কোঠালিত শুৱাই থলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন