ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।
পাছত অবিয়া তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ূদৰ নগৰত তেওঁক মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল। এওঁৰ ৰাজত্বৰ কালত দহ বছৰলৈকে দেশ সুস্থিৰে আছিল৷
যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে।