Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 13:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।

অধ্যায়টো চাওক কপি কৰক

13 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।

তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।

পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।

তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।

অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’

“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা!

বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।

সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?

কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?

কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।

তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন