Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 12:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁৰে সৈতে ডাঙৰ দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে তেওঁলোকৰ ওপৰত কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল আৰু আপোনাক সেই ভাৰ কিছু লঘু কৰিবলৈ বুলি আপোনাৰ আগত কোৱা সেই লোকসকলক এই কথা ক’ব, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।

কিন্তু ৰহবিয়ামে বৃদ্ধ লোকসকলে দিয়া পৰামৰ্শ তেওঁ অৱজ্ঞা কৰিলে, আৰু তেওঁৰে সৈতে একে লগে ডাঙৰ দীঘল হোৱা যি ডেকাসকল তেওঁৰ সন্মুখত থিয় দি আছিল, তেওঁলোকৰ সৈতে তেওঁ আলোচনা কৰিলে।

তেওঁ তেওঁলোকক ক’লে, “মোৰ আগত কোৱা সেই লোকসকলক আমি উত্তৰ দিবৰ বাবে তোমালোকে কি পৰামৰ্শ দিবা, সেই লোকসকলে মোক এইদৰে ক’লে, বোলে, ‘আপোনাৰ পিতৃয়ে আমাৰ ওপৰত যি যুৱলি দি গ’ল, তাৰ কিছু লঘূ কৰক’?”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন