Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 11:29

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।

আৰু আপোনাৰ বেটীৰ দুটি পো আছিল আৰু সিহঁত দুয়ো পথাৰত কাজিয়া কৰিছিল, তাতে সিহঁতক এৰুৱাবলৈ কোনো নথকাত, এটাই আনটোত প্ৰহাৰ কৰি বধ কৰি পেলালে।

সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।

এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।

তেতিয়া এনে ঘটিল যে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাতৰি শুনিলে, কিয়নো তেওঁ সেই সময়ত মিচৰত আছিল; চলোমন ৰজাৰ ভয়ত তেওঁ তালৈ পলাই গৈ তাত বাস কৰি আছিল৷

তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।

তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।

এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।

চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?

পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন