তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
পাছত ৰজা ফৰৌণৰ জীয়েকে দায়ূদৰ নগৰৰ পৰা, তেওঁৰ বাবে চলোমনে সজা নিজ ঘৰলৈ অাহিল৷ পিছত ৰজা চলোমনে মিল্লো নিৰ্ম্মাণ কৰিলে।
পাছত তেওঁৰ দাসবোৰে লগ হৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি চিল্লালৈ নামি যোৱা পথত বৈৎ-মিল্লোত তেওঁক আক্রমণ কৰি বধ কৰিলে।
যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।
তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।
হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।
যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই;
যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;