Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 ৰাজা 11:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷

অধ্যায়টো চাওক কপি কৰক

20 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷

সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।

পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।

নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।

চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।

এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।

সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া,হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।

কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”

সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।

দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।

ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।

তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা কব;

তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।

অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,

প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।

নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।

আৰু তেওঁৰ মন যেন অপথে নাযায়, এই কাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব; আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন