Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 বংশা 6:32

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল।

অধ্যায়টো চাওক কপি কৰক

20 পৰস্পৰ সংযোগসমূহ  

যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।

নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।

এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।

গায়কসকল আৰু লেবীয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে-ৰাতিয়ে নিযুক্ত কৰি দিয়া দ্বায়ীত্ব বহন কৰিছিল, সেয়ে যেতিয়া তেওঁলোক নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঁঠাবোৰত থাকিছিল।

আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।

আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।

মোচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে যিৰূচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবীয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে।

আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নসকলৰ কাৰণে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন