পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।
সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
এই কাৰণে মোৰ ক্ৰোধ আৰু কোপৰূপ অগ্নি বৰষিলে আৰু যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল; আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে।
এই কাৰণে আজিলৈকে সেই পথাৰ ‘তেজৰ মাটি’ বুলি জনাজাত।
তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে।
তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।