Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 বংশা 4:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল।

এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,

বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ।

তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল।

তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।

এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;

তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।

তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।

চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷

নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক’লে, “আমি ইয়াৰ সাক্ষী হ’লো; যি গৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহোৱাই তেওঁক ইস্ৰায়েল বংশ স্থাপন কৰা যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক; আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈৎলেহেমত তোমাৰ সুখ্যাতি হওক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন