আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”
যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।