দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।
তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।