Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 বংশা 19:18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।

যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।

যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।

ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।

বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।

বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন