সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
তেতিয়া পলেষ্টীয়াসকলে আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল।
তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
যি দৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁৰ হাতেৰে থোকবোৰ কাটে, বা কোনোৱে ৰফায়ীম উপত্যকাত শস্যৰ থোকবোৰ সংগ্রহ কৰাৰ দৰে হ’ব।