যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
তাৰ পাছত ইস্ৰায়েলৰ সকলো ফৈদে হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আমি আপোনাৰ হাড় আৰু মঙহ৷
তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।
যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।