Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 বংশা 11:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।

অধ্যায়টো চাওক কপি কৰক

26 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।

এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।

তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।

পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে।

দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল।

দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।

তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।

তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।

কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।

কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;

যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”

উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে।

কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।

যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।

এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”

যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।

এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”

কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷

তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ-পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল৷ তেওঁৰ সৈতে এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল; তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল।

কিন্তু সেই মানুহে সেই ৰাতি থাকিবলৈ সন্মত নহ’ল আৰু উঠি যাত্ৰা কৰি যিবুচ অৰ্থাৎ যিৰূচালেমৰ ওচৰ আহি পালে; তাৰ লগত দুটা সজোৱা গাধ আৰু তাৰ উপপত্নী আছিল।

তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”

আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন