এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।”
তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।”
কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্রাদেশিক অধ্যক্ষসকলে, ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল; তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ’ল।
এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম; যাতে ছিদ্ৰ বিচৰা লোক সকলে যি বিষয়ত শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হব পৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ।
মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে যুৱলিৰ অধীন হোৱা দাস সকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।
নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।
সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।