Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 7:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চমূৱেলে হোমবলি উৎসৰ্গ কৰোঁতে, পলেষ্টীয়াসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ ওচৰ চাপি আহিছিল; কিন্তু সেইদিনা যিহোৱাই ফিলিষ্টীয়া সকলৰ ওপৰত উচ্চ-ধ্ৱনিৰে মেঘ-গৰ্জ্জন কৰি ব্যাকুল কৰিলে; তাতে তেওঁলোক ইস্ৰায়েলৰ সন্মুখত পতিত হ’ল।

অধ্যায়টো চাওক কপি কৰক

21 পৰস্পৰ সংযোগসমূহ  

হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।

জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।

যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।

তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।

তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”

যিহোৱাই আপোনালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক আপোনালোকৰ আগত ঘটুৱাব; সিহঁতে তেওঁলোকে এক বাটদি আপোনালোকক আক্রমণ কৰিবলৈ আহি সাত বাটেদি পলাই যাব।

তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে।

বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।

আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।

লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।

আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।

তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।

যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক শক্তি দিব, আৰু নিজ অভিষিক্ত জনক উচ্চস্থানলৈ নিব।”

তেতিয়া ইস্ৰায়েলৰ লোক সকলে মিস্পাৰ পৰা ওলাই আহিল আৰু পলেষ্টীয়াসকলক আঘাত কৰি তেওঁলোকৰ পাছে পাছে গৈ বৈৎ-কৰৰ নামনিলৈকে খেদি গ’ল৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন