তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু পলেষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল।
মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে তেওঁক ক’লে, “আমি কেৱল ৰাজবাটেদি যাম, যদি মই আৰু মাৰ পশুবোৰে তোমাৰ পানী খায়, তেন্তে মই তাৰ মূল্য দিম; মোক আন একোকে নালাগে, কেৱল মোক খোজকাঢ়ি যাব দিয়া।”
পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোঁহোৰাৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে।
সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।
তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”