তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।
তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”
যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”
সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।