Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 30:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।

তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।

সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।

তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।

পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।

তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন