সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তোষ পাওঁ, ইয়াক যিহোৱাই কৈছে।
পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে?” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷”
যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।
পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”