Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 26:15

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?

তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।

পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?

তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”

তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন