Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 25:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ, আপোনাৰ দাসবোৰক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।

এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।

তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।

ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।

চাওক, মোৰ পিতৃ, এইয়া মোৰ হাতত আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ আছে। মই আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লোঁ, তথাপি আপোনাক বধ নকৰিলোঁ; আপুনি বিবেচনা কৰি চাওক যে, মই আপোনাৰ বিৰুদ্ধে দুষ্কৰ্ম বা বিশ্ৱাস ঘাতক কৰা নাই, আৰু মই আপোনাৰ বিৰুদ্ধে কোনো পাপ কৰা নাই; তথাপি আপুনি মোৰ প্ৰাণ ল’বৰ কাৰণে বিচাৰি ফুৰিছে।

যেতিয়া দায়ূদৰ যুৱকসকলে গৈ, দায়ূদৰ হৈ নাবলক সেই সকলো কথা কৈ অপেক্ষা কৰিলে।

পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন